Total Pageviews

THE HIMALAYAN DISASTER: TRANSNATIONAL DISASTER MANAGEMENT MECHANISM A MUST

We talked with Palash Biswas, an editor for Indian Express in Kolkata today also. He urged that there must a transnational disaster management mechanism to avert such scale disaster in the Himalayas. http://youtu.be/7IzWUpRECJM

THE HIMALAYAN TALK: PALASH BISWAS TALKS AGAINST CASTEIST HEGEMONY IN SOUTH ASIA

THE HIMALAYAN TALK: PALASH BISWAS TALKS AGAINST CASTEIST HEGEMONY IN SOUTH ASIA

Twitter

Follow palashbiswaskl on Twitter

Thursday, April 4, 2013

অসমীয়াৰ সুখ-দুখ

অসমীয়াৰ সুখ-দুখ


সম্পাদকীয়ঃ

অসমীয়াৰ সুখ দুখ

শুৱালকুছি আৰু সৰ্থেবাৰীৰ সংকটঃ সমাধান সম্ভৱনে?

শুৱালকুছিত হোৱা বিগত কেইদিনৰ প্ৰতিবাদী কাৰ্যসূচী তথা উত্তপ্ত পৰিৱেশ প্ৰত্যক্ষ কৰাৰ পাছত কিছুমান কথা নকৈ ভাবি চোৱাৰ প্ৰয়োজনীয়তা আহিছে৷ সেই প্ৰেক্ষাপটতে কেইবাটাও দিশ চালি-জাৰি চাব লগা হৈছে, যি বোৰ কথা আজি সময়ৰ সোঁতত যেন আমি নুই কৰিব নোৱাৰা হৈ পৰিছোহঁক৷
যি কোনো উদ্যোগ বা উৎপাদনৰ ব্যৱস্থাই সদায়েই......

ৰেডিঅ' সুখ-দুখৰ নিবেদন

আন আন অনুষ্ঠানৰ বাবে ইয়াত ক্লিক কৰক ৷

ৰেডিঅ' সুখ দুখঃ দেশৰ গীত

ৰেডিঅ' সুখ দুখঃ সুগম সংগীত

নৱ কুমাৰ গগৈ দেৱৰ "বেদুইন" এলবামৰ এটি সুমধুৰ গীত "অশ্ৰু"ৰে মুকলি হ'ল ৰেডিঅ' সুখ-দুখৰ সুগম সংগীতৰ অনুষ্ঠান...
গীতৰ কথাঃ হীৰেণ গোহাঁই
সংগীত সংযোজনাঃ পূৰৱ গোহাঁই
সুৰ, সংগীত আৰু কণ্ঠঃ নৱ কুমাৰ গগৈ

অন-লাইন আইতাৰ সাধুকথা BETA

স্বৰ্ণ ৰেখা স্পৰ্শৰ কাহিনীঃ আপলোড-২৮ মাৰ্চ২০১৩
আইতাঃ শশীমাই শইকীয়া দত্ত, নাতিঃ অস্মিত ভগৎ

অসমত সঁচাকৈয়ে ছিণ্ডিকেটৰাজৰ অৱসান হব

অসমীয়া জন-জীৱনৰ হৃদস্পন্দন

অসমীয়া জন-জীৱনৰ হৃদস্পন্দন 
ৰেডিঅ' সুখ দুখ...আহি আছে

নিৰ্বাচিত কলমত

এই শিতান বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞজনৰ শেহতীয়া লেখনিৰে সমৃদ্ধ কৰা হব ৷
সদাশয় পাঠক সকলৰ পৰাও জন-জীৱনক স্পৰ্শ কৰা যি কোনো লেখা আহ্বান কৰা হ'ল ৷
ই-মেইলঃ xukhdukh@gmail.com

কেটেপা

কেটেপা 
চৰকাৰী নে তৰকাৰী?

মুকলি চিঠি

এই শিতানত দেশৰ মুৰব্বী তথা জনসাধাৰণ, যি কোনো বিষয়ক, যি কোনো মানুহৰ মনৰ কথাৰে, দেশৰ কথাৰে, ৰাইজেৰে দাবীৰে, পৰিবৰ্তনৰ বাণীৰে চিঠি সমূহেৰে সমৃদ্ধ কৰা হব ৷

সকলো চিঠি পঢ়িবলৈ ইয়াতে ক্লিক কৰক ৷

ASD 184: 4TH APRIL


অসমীয়াৰ সুখ-দুখ

    সামাজিক যোগসূত্ৰৰ মঞ্চত বাৰ্তাবাহক এক পৃষ্ঠা 
                                                                            Assamese MID-DAY on Social Media

             প্ৰথম বছৰ ১৮৪তম সংখ্যাঃ  ৪ এপ্ৰিল ২০১৩

    (ইউনিকোডত অসমীয়া বাতৰি)

আজিৰ গুৰুত্বপূৰ্ণ খবৰ


সুখৰ খবৰঃ

১. অসমৰ মুগা শিল্পই ভৌগোলিক মান্যতা প্ৰাপ্তিৰ বাট প্ৰশস্ত হোৱাৰ সুখবৰ ৷ মুগাৰ ভৌগোলিক মান্যতাৰ পঞ্জীকৃত স্বত্বাধিকাৰী প্ৰতিষ্ঠান অসম বিজ্ঞান প্ৰযুক্তি পৰিবেশ পৰিষদে তৈয়াৰ কৰি উলিয়ালে প্ৰতীক চিহ্নঃ পঞ্জীয়নৰ বাবে পঠালে চেন্নাইলৈ ৷ 

২. নাছাৰ প্ৰকল্প প্ৰতিযোগিতাঃ বিশ্বৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিলে নলবাৰীৰ হিমপ্ৰবালে ৷

৩. আজি এঘাৰ বজাত প্ৰকাশ পাব টেটৰ জড়িয়তে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নিযুক্তি পাব লগা ১৬ জিলাৰ প্ৰাৰ্থী তালিকাঃ চৰকাৰী ৱেব চাইটত ৷

৪. বিহুৰ আগতেই নিয়মীয়া পদত নিযুক্তি পাব ১২হাজাৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত ৷
৫. স্বাস্থ্য মন্ত্ৰীয়ে কৰিলে সদনত ঘোষণাঃ ধঁপাত নিষিদ্ধকৰণ বিধেয়ক কেবিনেটলৈ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷

৬. ক্ৰমে উতপ্ত হৈছে অসমৰ ৰাজনৈতিক বতাহঃ বিসম্বাদক লৈ গগৈ-কলিতাৰ বৈঠকঃ তিনিদিনৰ বাবে অসমলৈ দ্বিগবিজয় সিং, ৬ এপ্ৰিলত কাৰ্যনিৰ্বাহক ৷

৭. শুৱালকুছি কাণ্ডক লৈ ৰাজ্যপালক উপযু্ক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনালেগৈ অ.গ.প নেতৃত্বই 

৮. ব্ৰহ্মপুত্ৰৰ চাপৰিত আটক হ'ল পাঁচ জনকৈ চোৰাং চিকাৰী ৷

৯. বিধান সভাত গৃহীত হ'ল তিনিখনকৈ সংশোধনী বিলঃ দ্য আছাম প্ৰ'টেকছন অৱ ইণ্টাৰেষ্ট অৱ ডিপ'জিটৰ্ছ, দ্যা আছাম প্ৰিজনছ বিল আৰু ৰাজহ বিভাগৰ দ্য ইণ্ডিয়ান ষ্টাম্প ( আছাম এমেণ্ডমেণ্ড বিল)

১০. ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ নুমলীগঢ়ৰ পৰা বগীবিললৈ বহলোৱাৰ বাবে  কেন্দ্ৰীয় চৰকাৰে দিলে ১৯৩৩কোটি টকাৰ অনুমোদনঃ তিনিটা খণ্ডত সংবৰ্ধনৰ বাবে বনালে যোজনা ৷

১১. এইবাৰ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ ইংৰাজী অনুবাদ "গ্ৰেট চংছ" বিশ্ব বজাৰত মুকলিৰ বাবে লৈছে পদক্ষেপঃ ই-বুকৰ ৰূপত বিক্ৰী কৰিবলৈ ওলাইছে আমাজান.কমত ৷

১২. লক্ষ্ণৌস্থিত বীৰবল সাহানী ইণষ্টিউট অৱ পেলিঅ' বটানীৰ জীৱাশ্ম বিজ্ঞানী ডঃ সাধন কুমাৰ বসুমতাৰীক ৰংজুলিৰ ছটা সংগঠনে জনালে ৰাজহুৱা সম্বৰ্ধনা ৷

দুখৰ খবৰঃ

১. কানাডাৰ বৈদেশিক মন্ত্ৰালয়ৰ চাঞ্চল্যকৰ তথ্যঃ বিশ্বৰ বিপজ্জনক অঞ্চলৰ মানচিত্ৰত স্থান পালে অসমে; ধুবুৰী, কোকৰাঝাৰ চিনাক্ত হ'ল সাম্প্ৰদায়িক জিলা ৰূপে ৷

২. মানাহত পুনৰ গঁড় হত্যাৰ খবৰঃ কাটি নিলে খৰ্গ, নখ, মাংস ! মানাহৰ দুষ্প্ৰাপ্য পহুৰ মাংস এতিয়া গুৱাহাটীত সহজলভ্যঃ গ্ৰাহকৰ তালিকাত বহু নেতা-বিষয়া-ব্যৱসায়ী ৷

৩. সংসদীয় সচিবৰ নামত ৰাজকোষৰ পৰা ব্যয় কৰা হ'ল ৬কোটি টকা ৷

৪. ৰাজ্যত মূৰ দাঙি উঠিছে নতুন বিদ্ৰোহী সংগঠনেঃ আৰ এন এল এফৰ ৫জনকৈ কেডাৰ গ্ৰেপ্তাৰ, অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ ৷

৫. ধেমাজিত গ্ৰেপ্তাৰ হ'ল চাৰিজনকৈ আলফা সদস্যঃ গুলী আৰু পিষ্টল উদ্ধাৰ ৷

৬. ডিব্ৰুগড় বিমান বন্দৰ আধুনিকীৰণত কেলেংকাৰীৰ অভিযোগঃ চি বি আই তদন্তৰ উঠিল দাবী ৷

৭. নলবাৰী ৰে'ল ষ্টেছনত কয়লা ছিণ্ডিকেটক লৈ উতপ্ত পৰিবেশঃ ছিণ্ডিকেটৰ গুণ্ডাৰ হাতত প্ৰহৃত হ'ল স্থানীয় যুৱক ৷

৮. নগাঁৱত সুৰাৰ নামত ৩৫কোটিৰো অধিক ৰাজহ সংগ্ৰহ, নতুন গ্ৰাহকৰ সংখ্যা ১২ শতাংশ বৃদ্ধিৰ চিন্তাজনক খবৰ ৷

৯. উত্তৰ প্ৰদেশৰ মুজাফৰপুৰত চাৰি ভগ্নীক একেলগে এচিড আক্ৰমণ কৰাৰ ঘটনাই নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত পুনৰ দেশক কৰিলে লজ্জ্বানত ৷

বোল বচনঃ
ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে ক'লে-"জীৱনৰ অন্তিম যাত্ৰা আৰম্ভ, সপোন দেখাৰ সময় শেষ; হাইকামাণ্ডে বিচাৰিলেও মুখ্যমন্ত্ৰী নহওঁ!"

দেশৰ প্ৰধান মন্ত্ৰীয়ে ক'লে- "দুৰ্নীতি দেশৰ সমস্যা, বিনিয়োগৰ বাবে বিদেশী কোম্পানীক আদৰিবইতো লাগিব"৷

ডঃ মৃনাল মিৰি দেৱে সদৌ গুৱাহাটী মিচিং কেবাঙৰ সভাত ক'লে-"ভাষাই হৈছে এখন সমাজৰ মূল্যবোধৰ ভঁৰাল ৷"

এন জি অ'ৰ ৰাজ্যিক অভিবৰ্তনত হেম ভাই-"বন্ধ সংস্কৃতিয়ে বিধ্বস্ত কৰিছে অসমৰ অৰ্থনীতি"৷

Wednesday, April 3, 2013

ASD 183: 3RD APRIL 2013

অসমীয়াৰ সুখ-দুখ

    সামাজিক যোগসূত্ৰৰ মঞ্চত বাৰ্তাবাহক এক পৃষ্ঠা 
                                                                            Assamese MID-DAY on Social Media

             প্ৰথম বছৰ ১৮৩তম সংখ্যাঃ  ৩ এপ্ৰিল ২০১৩

    (ইউনিকোডত অসমীয়া বাতৰি)

আজিৰ গুৰুত্বপূৰ্ণ খবৰ



সুখৰ খবৰঃ
১. গুৱাহাটীত কৃষক মুক্তিৰ বৃহৎ গণ সমাবেশঃ ফ্লেট নিৰ্মাণ কোম্পানীক জলাশয়ো গতাই দিয়াৰ তুলিলে অভিযোগ; ৰাজনৈতিক নেতা, ব্যৱসায়ী কোম্পানীক উচ্ছেদ কৰি আদৰ্শ দেখুৱাবলৈ জনালে চৰকাৰক প্ৰত্যাহ্বান৷ 

২. মহানগৰ জিলা প্ৰশাসনে প্ৰতিবাদী ৰাইজক দিলে প্ৰতিশ্ৰুতিঃ ২২/৬/১১ৰ আগৰে পৰা পাহাৰ আৰু জলাশয়ত বাস কৰা কোনো লোকক উচ্ছেদ কৰা নহয় ৷

৩. বিধান সভাত জনালে পৰিবহন মন্ত্ৰী চন্দন ব্ৰহ্মইঃ পুনৰ কাৰ্যক্ষম হ'ব ধুবুৰীৰ ৰূপসী বিমানকোঠ ৷

৪. ভাৰতীয় দূতাবাসত সংস্কৃতিৰ নমুনা ৰাখিবলৈ নিৰ্বাচন কৰা কেন্দ্ৰীয় চৰকাৰৰ কমিটি "অৱজেক্ট ডি আৰ্ট"লৈ দুজন অসমীয়া শিল্পী গৌৰী বৰ্মন আৰু ইন্দিৰা পি.পি. বৰা মনোনীত হোৱাৰ সুখবৰ ৷

৫. অহা ৭ এপ্ৰিলত ১৯৭১চনৰ আগৰ স্নাতক সকলক লৈ কটন কলেজত আয়োজিত হৈছে "প্ৰবীণ স্নাতক সন্মিলন" ৷

৬. সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কেৰেলাৰ কুছিপুড়ি ডান্স একাডেমীয়ে আগবঢ়ালে নাট্য-মঞ্জৰী বঁটা ৷

৭. নগাঁৱৰ প্ৰখ্যাত নাট্যকৰ্মী মুকুটমণি শইকীয়াৰ সোঁৱৰণত ২৩-২৪মাৰ্চত নগাঁও জিলাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা ৷

৮. সৰ্ব ভাৰতীয় আৰক্ষী সেৱালৈ অসম চৰকাৰে মনোনীত কৰিলে অসম পুলিচৰ ছয়জনকৈ জ্যেষ্ঠ বিষয়াক ৷

৯. দশম শ্ৰেণীলৈকে পাঠ্যপুথিত অন্তৰ্ভূক্ত হৈছে অসম বুৰঞ্জী আৰু ভূগোলৰ পাঠ্যক্ৰমঃ অঞ্জন দত্তৰ প্ৰশ্নৰ উত্তৰত সদনক জনালে শিক্ষামন্ত্ৰীয়ে ৷

১০. জুন মাহত হাইস্কুলৰ ৫০০০ হাজাৰ শিক্ষকৰ নিযুক্তিঃ ৬৩৬খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰবৰ্তিত হব বাণিজ্য আৰু বিজ্ঞান শাখা- শিক্ষা মন্ত্ৰীয়ে কৰিলে ঘোষণা ৷

১১. সম্পূৰ্ণ দ্বায়িত্ব গ্ৰহণৰ আগতে ৰামৰ্শ বিচাৰি সাহিত্যক মহিম বৰাৰ কাষ পালেগৈ অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহ ডাঙৰীয়া ৷


চিন্তনীয় খবৰঃ
১. "গল্ডেন আছাম" গঢ়াৰ লক্ষ্যৰে এইবাৰ আজমল বাহিনীৰ মুকলি হুংকাৰঃ ২০১৬চনত মুখ্যমন্ত্ৰী হব বদৰুদ্দিন ৷

২. বিধানসভাত হাংগামা প্ৰসংগত এইবাৰ লক্ষ্মণৰেখা অতিক্ৰম নকৰাৰ সকিয়নী আজমল বাহিনীলৈঃ সদৌ অসম ছাত্ৰ সন্থাই ক'লে ১৯৫১চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ১৯৭১চনলৈকে ভোটাৰ তালিকাত নাম থকা লোক আৰু তেখেত সকলৰ সতি-সন্ততিৰ নামসহ অচিৰেই উন্নীত হবই লাগিব নাগৰিকপঞ্জী ৷

৩. এইবাৰ নাগৰিকত্ব গোচৰত "চাৰ্জ ফ্ৰেম" কৰিলে আদালতেঃ পুনৰ আইনী বিতৰ্কলৈ মণি কুমাৰ চুব্বা ৷

৪. এইবাৰ জনগোষ্ঠীয় চানেকী চুৰি কৰি বৰ্হিঃ ৰাজ্যত তৈয়াৰ হৈছে অসমৰ জনজাতীয় সাজপাৰঃ ভিতৰৰ আৰু বাহিৰৰ ক'লা বেপাৰীক চিনাক্ত নকৰিলে অচিৰেই ক'লীয়া ডাৱৰে চানিব অসমৰ শিপিনীৰ ভৱিষ্যত ৷

৫. তামুলপুৰত কৃষকৰ বিক্ষোভঃ শুকানজুলিত দহ হাজাৰ হেক্টৰ মাটিত সামৰিক ঘাটি স্থাপনৰ বিৰোধিতা ৷

৬. ৰাজ্যৰ ৭০ শতাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দেখাই নাই গোলক অনুবীক্ষণ যন্ত্ৰঃ বাতৰিৰ শিৰোনামে চকু তুলিছে কপালত ৷

৭. শিক্ষামন্ত্ৰীৰ আস্ফালনক মিছা প্ৰমাণিত কৰি প্ৰহসনত পৰিণত শিক্ষাৰ অধিকাৰ আইন ৷

৮. বিটিচিত অসমীয়া ভাষাক এলাগী কৰাৰ প্ৰতিবাদত ৮ এপ্ৰিলৰ পৰা ৮৪ঘণ্টীয়া বিটিএডি বন্ধৰ আহ্বান দিলে সদৌ অসমীয়া ঐক্যমঞ্চৰ ৷

৯. অসমত সংখ্যলঘু উন্নয়নৰ নামত চলা কাম কাজ দেখি হতবাক হ'ল কেন্দ্ৰীয় মন্ত্ৰী ডঃ কে ৰহমান খান ৷

১০ জিলা পৰিষদ গঠনক লৈ প্ৰতিক্ৰিয়াৰে বঙাইগাঁৱত সচেতন মঞ্চৰ নামত প'ষ্টাৰিঙঃ"অগপ-এ আই ইউ ডি এফ ভাই ভাই, ৮৫৫ শ্বহীদৰ ত্যাগৰ কোনো মূল্য নাই!"


১১. ৰাজহ মন্ত্ৰীয়ে ক'লে-চুক্তিৰ আধাৰত জৰীপ সম্পন্নঃ বাংলাদেশৰ হাতলৈ যাব অসমৰ ২৬৮ একৰ মাটি ৷

১২. এইবাৰ সংখ্যালঘু প্ৰধান অঞ্চলত স্থাপন হব আই আই টি, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শাখা অসমতঃ কেন্দ্ৰীয় মন্ত্ৰী বহিল দিশপুৰৰ সতে ৷

১৩. নগাঁৱত সমাজ কল্যানত লুণ্ঠনঃ প্ৰসূতি-শিশুৰ বাবে দিয়া ধন উদৰস্থ কৰিছে বিষয়াই ৷


বোল বচনঃ
১. শিক্ষামন্ত্ৰীয়ে কৰিলে ঘোষণাঃ ৰাজ্যত হ'ব ৫০০খন নতুন উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷

২. শিক্ষা সংসদীয় সচিব ৰেকিবুদ্দিনে ক'লেঃ ছিণ্ডিকেটৰ তদন্ত হ'লে ডাঙৰ ডাঙৰ নেতাৰ কাপোৰ খোল খাব!

৩. জলসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ক'লে সদনতঃ বান-খহনীয়া বিষয়ত কেন্দ্ৰ সঁহাৰি ইতিবাচক নহয় !

৪. শ্ৰমিক নেতা বিবেক দাসে ক'লে-"আদিবাসীক কণ্ঠৰোধৰ বাবেই চাহ-জনগোষ্ঠীক মাওবাদী সজোৱাত লাগিছে কংগ্ৰেছ চৰকাৰ" ৷

৫. সৰ্বানন্দ সোনোৱালে দিলে হুংকাৰ-"বাংলাদেশীক অসমৰ মুখ্যমন্ত্ৰী হবলৈ দিয়া নহ'ব!"

আজিৰ সুখ দুখৰ এক পৃষ্ঠা

আজিৰ সুখ দুখৰ এক পৃষ্ঠা 
(ফেচবুক সংস্কৰণ)

সৎ কৰ্মৰ চিনাকি

নিৰ্বাচিত ব্লগ আলোচনাত

আকাংক্ষা মাথো এটি ব্লগ নহয়,

জনজীৱনৰ এটি সাহ...

"আকাংক্ষা" ব্লগেৰে ৰূপকোঁৱৰ আৰু সুধাকণ্ঠৰ অমৰ সৃষ্টিৰাজিৰ ডিজিটেল আৰ্কাইভিঙ কৰা

Tuesday, April 2, 2013

বিশেষ আকৰ্ষণ


শুনিলেনে আপুনি?
                                                      ৰেডিঅ' সুখ দুখৰ বিশেষ আয়োজন
                                প্ৰথমখন অনলাইন মৌ-মেল 

                            
আহি আছে...

No comments:

Related Posts Plugin for WordPress, Blogger...

PalahBiswas On Unique Identity No1.mpg

Tweeter

Blog Archive

Welcome Friends

Election 2008

MoneyControl Watch List

Google Finance Market Summary

Einstein Quote of the Day

Phone Arena

Computor

News Reel

Cricket

CNN

Google News

Al Jazeera

BBC

France 24

Market News

NASA

National Geographic

Wild Life

NBC

Sky TV